লোককৃষ্টিৰ বিশিষ্ট গৱেষক, শিক্ষাবিদ, সংগীত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ আজি জন্ম বার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হয়। এই উপলক্ষে বিভিন্ন অঞ্চলত তেওঁৰ স্মৃতিত বক্তৃতানুষ্ঠান, সংগীতানুষ্ঠান আদিৰ আয়োজন কৰা হয়। ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগত অধ্যাপনা কৰা প্ৰয়াত দত্তই বিশ্ববিদ্যালয়খনৰ কলাগুৰু আসনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত তেওঁ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আমন্ত্রণমর্মে এই বিশ্ববিদ্যালয়খনৰ পৰম্পৰাগত সংস্কৃতি আৰু কলাৰীতি বিভাগৰ দায়িত্ব গ্ৰহণ কৰে। সাহিত্য ক্ষেত্ৰলৈও বিশেষ অৱদান আগবঢ়োৱা দত্তৰ অসমীয়া সংগীতৰ ঐতিহ্য নামৰ গ্ৰন্থখন অসম সাহিত্য সভাই ১৯৭৭ চনত প্ৰকাশ কৰে৷ সংস্কৃতি আৰু পৰিৱেশ্য কলা সন্দৰ্ভত কেইবাখনো গ্রন্থ অনুবাদ কৰা এই লেখকগৰাকীয়ে গোৱালপৰীয়া লোকগীতৰ সংগ্ৰহকে ধৰি কমেও ২৩ খন গ্ৰন্থ অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা আৰু সম্পাদনা কৰিছে। তেওঁ প্ৰণয়ন কৰা Cultural Contours of North-East India নামৰ গ্ৰন্থখন অক্সফোর্ড ইউনিভাৰ্ছিটী প্ৰেছে প্ৰকাশ কৰিছিল। সংগীতৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰে অগণন শ্ৰোতাক গীতেৰে মুগ্ধ কৰা শিল্পীগৰাকীয়ে সংগীত নেতা একাডেমীৰ ঠাকুৰ ৰত্ন সন্মান লাভ কৰিছিল। আকাশবাণীত বাণীবদ্ধ আৰু প্ৰচাৰিত তেওঁৰ ভালেসংখ্যক গীতে আজিও শ্রোতাৰ হৃদয় জুৰি আছে।
Site Admin | November 4, 2024 6:46 PM | Assam | dr birendra nath dutta