লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ

ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ফলাফল ঘোষণাৰ দিনটোত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। জিলাখনৰ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোটগণনা সর্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰূমত অনুষ্ঠিত হ’ব। ইয়াৰে ডুমডুমা বিধানসভা সমষ্টিটো লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত হোৱাৰ বিপৰীতে আন তিনিটা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটগণনা একে সময়তে ১৪খনকৈ টেবুলত অনুষ্ঠিত হ’ব। প্ৰতিখন টেবুলত একোজনকৈ কাউন্টিং ছুপাৰভাইজাৰ, কাউণ্টিং সহকাৰী আৰু মাইক্রো অবজাৰভাৰ নিয়োগ কৰা হৈছে। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া গণনাৰ বাবে সকলো বিষয়া কৰ্মচাৰীক পুৱা ৬ বজাত কৰ্মস্থলী উপস্থিত হ’বলৈ কোৱা হৈছে। ইফালে, জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভোটগণনা মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত আৰু শদিয়া বিধানসভা সমষ্টিৰ ভোটগণনা শদিয়া মহকুমাধিপতিৰ কার্যালয় সভাকক্ষত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে সংশ্লিষ্ট মহকুমা প্রশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ পাঁচটাকৈ বিধাসভা সমষ্টিতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গোলাঘাট, খুমটাই আৰু ডেৰগাঁও বিধানসভা সমষ্টিৰ বাবে ভোটগণনা ফৰকাটিং মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। আনহাতে, সৰুপথাৰ সমষ্টিৰ বাবে সৰুপথাৰত আৰু বোকাখাট বিধানসভা সমষ্টিৰ ভোটগণনা বোকাখাট মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। ডেৰগাঁও সমষ্টিৰ পোষ্টেল বেলটৰ গণনাও গোলাঘাটতে সম্পন্ন হ’ব। ইফালে, বোকাখাট সমষ্টিৰ পোষ্টেল বেলটৰ গণনা ফৰকাটিঙত কৰা হ’ব। গোলাঘাট সমষ্টিত সৰ্বমুঠ ২৩ ৰাউণ্ডত, ডেৰগাঁও সমষ্টিত ২০ ৰাউণ্ডত, খুমটাই সমষ্টিত ১৯ ৰাউণ্ডত আৰু বোকাখাট সমষ্টিত ১৪টা ৰাউণ্ডত ভোটগণনা অনুষ্ঠিত হ’ব। মৰিগাঁও জিলাতো তিনিটা সমষ্টিৰ বাবে অহা ৪ জুনত তিনিটা ভোটগণনা কক্ষত ভোট গণনা কৰা হ’ব। ৫২ নং জাগীৰোড সমষ্টিৰ ৩২২টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ২৩টা ৰাউণ্ডত, ৫৩ নং লাহৰীঘাট সমষ্টিৰ ৩২৩টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ২৪টা ৰাউণ্ডত আৰু ৫৪ নং মৰিগাঁও সমষ্টিৰ ২৬৬টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ১৯টা ৰাউণ্ডত ভোটগণনা কৰা হ’ব। প্ৰতিটো ভোটগণনা কক্ষত ১৬খনকৈ মেজ থাকিব। জিলাখনৰ এই সমষ্টি তিনিটাৰ বাবে মুঠ ২১০ গৰাকী ভোটগণনাকাৰী বিষয়া-কৰ্মচাৰীক ইতিমধ্যে প্রশিক্ষণ দিয়া হৈছে। একেদৰে ডিফু লোকসভা সমষ্টিত ভোটগণনাৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলা প্রশাসনে ভোটগণনা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ক্ষেত্ৰলৈ পদপথ হিচাপে ঘোষণা কৰিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণৰো কালি অন্ত পৰে।

অধিক পঢ়ক

সকলো চাওক