September 19, 2024 12:26 PM | Lebanan Killed

printer

লেবাননত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত কমেও ৩২ জন লোকৰ মৃত্যু

লেবাননত মঙলবাৰে আৰু কালি সংঘটিত ধাৰাবাহিক বিস্ফোৰণত কমেও ৩২ জন লোকৰ মৃত্যু হৈছে। এই বিস্ফোৰণলানিত সশস্ত্র সংগঠন হিজবুল্লাহে কিছু যোগাযোগৰ সঁজুলি ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কালি দেশখনত সংঘটিত ৱাকি-টকি বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ২০লৈ বৃদ্ধি পাইছে আৰু ৪৫০ জনতকৈ অধিক লোক আহত হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে পেজাৰ বিস্ফোৰণত কমেও ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০০০ লোক আহত হয়। পূৰ্বৰ বিস্ফোৰণত নিহত লোকসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে হোৱা বৃহৎ জনসমাগমৰ সমীপত নতুন বিস্ফোৰণ সংঘটিত হয়। মঙলবাৰে স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৩বাজি ৪৫ মিনিটত বেইৰুট আৰু আন কেইবাটাও অঞ্চলত প্রথমলানি বিস্ফোৰণ আৰম্ভ হয় আৰু কালি স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় পাঁচ বজাত আন এলানি বিস্ফোৰণ সংঘটিত হয়। ইপিনে, ইজৰাইলে অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰি জৰ্ডানৰ বিদেশ মন্ত্ৰী আয়মান ছাফাদীয়ে ইজৰাইলে পশ্চিম এছিয়াক আঞ্চলিক যুদ্ধৰ গৰাহলৈ ঠেলি দিছে বুলি মন্তব্য কৰিছে। ইফালে, পেজাৰ নিৰ্মাণ কৰা টাইৱান আৰু হাংগেৰীৰ দুটা কোম্পানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তেওঁলোকে অস্বীকাৰ কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী য়’আভ গেলেণ্টে যুদ্ধৰ এক নতুন যুগ আৰম্ভ হৈছে বুলি উল্লেখ কৰিছে।

অধিক পঢ়ক

সকলো চাওক