লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান জনাইছে। লেবাননৰ সংসদৰ অধ্যক্ষ নবিহ বেৰীৰ সৈতে হোৱা টেলিফোনেৰে হোৱা কথা-বতৰাত তেওঁ লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ প্রয়োজন বুলি মত প্রকাশ কৰে। তেওঁ লগতে লেবাননত ইজৰাইলৰ আক্ৰমণ তথা অসামৰিক লোকসকল ক্ষতিগ্ৰস্ত হোৱা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে। বেৰীৰ সৈতে হোৱা তেওঁৰ বাৰ্তালাপত মেক্ৰ’ৱে লেবাননৰ স্থিতাৱস্থাৰ স্বাৰ্থত দেশখনৰ জনসধাৰণক একত্ৰিত হ’বলৈ আহ্বান জনায়। তেওঁ লগতে সকলো দলক ৰাষ্ট্ৰীয় একতাৰ নিশ্চয়তা প্ৰদান কৰা এগৰাকী ৰাষ্ট্ৰ প্ৰধান নিৰ্বাচন কৰাকে ধৰি এটা সৰ্বাত্মক ৰাজনৈতিক কাৰ্য্যসূচী গ্ৰহণ কৰাৰ জৰিয়তে এই নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈও আহ্বান জনায়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ২৪ অক্টোবৰত পেৰিছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত লেবাননৰ জনসাধাৰণ তথা দেশখনৰ সাৰ্বভৌমত্বৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাব বুলিও প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক