বিশিষ্ট লেখক, সাংবাদিক গুৰমাইল সিঙৰ গৱেষণা গ্রন্থ অদম্য শিখ আজি নগাঁৱত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট ইতিহাসবিদ ড০ ৰাজেন শইকীয়া কয় যে, ভূগোল আৰু ইতিহাসে মানুহৰ মনস্তত্বৰ দিক নিদর্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই দুটা উপাদানৰ ভিত্তিত অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দৰে গুৰুনানকদেৱে শিখ জাতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ভাৰতৰ জাতীয় জীৱনত শিখসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে উল্লেখ কৰি বিশিষ্ট ভূগোলবিদ ড০ অৱনী কুমাৰ ভাগৱতীয়ে অসমীয়া শিখসকলে দাঙি ধৰা সমন্বয়ৰ উজ্বল চানেকিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকি উচ্চপদস্থ আৰক্ষী বিষয়া তথা সাহিত্যিক ড০ নন্দ সিং বৰকলাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-দৰ্শনৰ সৈতে গুৰুনানক দৰ্শনৰ তুলনাত্মক উল্লেখ দাঙি ধৰে।
Site Admin | November 10, 2024 7:22 PM | Book Release