ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লাডাখৰ ছিয়াচেন বেছ কেম্প পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ছিয়াচেন হিমবাহত কর্তব্যত নিয়োজিত বিষয়া আৰু সেনাবাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰতিকূল পৰিৱেশৰ মাজতো প্ৰত্যাহ্বানসমূহ নেওচি দেশৰ সুৰক্ষাৰ বাবে সেনাবাহিনীৰ জোৱানসকলে সাহসেৰে সেৱা আগবঢ়োৱা কাৰ্যক প্ৰশংসা কৰে। তেওঁ লগতে ছিয়াচেন হিমবাহত কর্তব্যত নিয়োজিত সেনাবাহিনীৰ লোকসকলৰ পৰিয়াল আৰু আত্মীয়সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে ছিয়াচেন বেছ যুদ্ধ স্মাৰকত বীৰ যোদ্ধাসকলৰ শপতগ্ৰহণ অনুষ্ঠানত বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু হৈছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ পাছত ছিয়াচেন হিমবাহ পৰিদৰ্শন কৰা তৃতীয়গৰাকী ৰাষ্ট্ৰপতি। ছিয়াচেন হিমবাহ হৈছে ভাৰতীয় সেনা বাহিনীৰ অপাৰেচন মেঘদূতৰ অধীনত ১৯৮৪ চনৰ পৰা বিশ্বৰ সবাতোকৈ অধিক উচ্চতাত অৱস্থিত কাৰাকুৰাম খণ্ডৰ সামৰিক অঞ্চল।
Site Admin | September 26, 2024 9:25 PM | President Droupadi Murmu visits Siachen Base Camp; Interacts with soldiers and officers