লাওচ ভ্ৰমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাওচ ভ্ৰমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে আছিয়ান ৰাষ্ট্ৰসমূহৰ লগত ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব। দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্রধানমন্ত্ৰীক আদৰণি জনায়। ভ্ৰমণৰ পূৰ্বে নতুন দিল্লীত প্রধানমন্ত্ৰীয়ে দিয়া এটা বিবৃতিত কয় যে তেওঁ আজি ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এইবাৰকে ধৰি এছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত দশমবাৰৰ বাবে অংশগ্রহণ কৰিব। এই সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে শ্ৰী মোদীয়ে লাওচৰ ভাষাত প্ৰদৰ্শন কৰা ৰামায়ণ উপভোগ কৰিব।

Image

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত কালি এখন সংবাদমেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰাচ্যৰ সচিব জয়দ্বীপ মজুমদাৰে কয় যে এই ভ্ৰমণৰ কালছোৱাত শ্ৰীমোদীয়ে আছিয়ান দেশসমূহৰ চৰকাৰী মুৰবৰীসকলৰ সৈতে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু উন্নয়নৰ বিষয়ে পর্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে ভিয়েনটিয়েনত ১৯ সংখ্যক পূব এছিয়া শীর্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব। প্রধানমন্ত্ৰীয়ে ভাৰতৰ এক্ট ইষ্ট পলিচীৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি কয় যে তেওঁ আছিয়ান নেতাসকলৰ সৈতে সংযুক্ত হৈ সৰ্বাত্মক কৌশলগত সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে পর্যালোচনা কৰিব। ভৱিষ্যত সহযোগিতাৰ দিশ সম্পর্কেও লগতে নীতি-নিৰ্দেশনা প্রস্তুত কৰিব। শ্রী মোদীয়ে পূব এছিয়া সন্মিলনে ভাৰত-প্রশান্ত মহাসাগৰীয় এলেকাৰ শান্তি-সুস্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰতো নতুন সুযোগৰ সৃষ্টি কৰিব বুলি মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে লাওচৰ লগতে সমগ্ৰ অঞ্চলটোৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পর্ক আছে।

অধিক পঢ়ক

সকলো চাওক