ডাউনলোড
মোবাইল এপ

android apple
signal

লহৰী উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লহৰী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কাইলৈ উদযাপন কৰিবলগীয়া মকৰসংক্রান্তি, পুংগল আৰু মাঘ বিহু উপলক্ষেও তেওঁ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু ৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। ই সকলোৰে জীৱনলৈ আনন্দৰ লহৰ কঢ়িয়াই আনে। প্রকৃতিৰ লগত মানুহৰ নীবিড় সম্পৰ্কৰ প্ৰতিফলন কৰি দেশৰ বিভিন্ন প্ৰান্তত এই উৎসৱসমূহ পৰম্পৰাগতভাৱে আৰু উলহ-মালহেৰে উদযাপন কৰা হয় বুলিও তেওঁ উল্লেখ কৰে। এই উৎসৱ কৃষি কৰ্মৰ সৈতে জড়িত বুলি প্ৰকাশ কৰি তেওঁ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্য শস্যৰ যোগান ধৰা কৃষকসকলৰ প্রতিও কৃতজ্ঞতা জ্ঞাপন কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ আশা ব্যক্ত কৰি তেওঁ কয়, যে দেশৰ উন্নয়নৰ বাবে সকলোৱে একেলগে কাম কৰি যাব।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে এই উৎসৱ হৈছে পৰম্পৰাগত শস্য চপোৱাৰ উৎসৱ। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এটা বাৰ্তাত কয়, যে লহৰী উৎসৱত প্ৰকৃতিৰ দান আৰু কৃষকৰ কঠোৰ শ্ৰম আৰু নিষ্ঠাক উদযাপন কৰা হয়। এই উৎসৱে সকলোৰে ঘৰলৈ সুখ-আনন্দ আৰু সমৃদ্ধিৰ লগতে দেশৰ বাবে বিকাশ আৰু উন্নয়নৰ বাৰ্তা কঢ়িয়াই আনিব বুলিও শ্রীবিৰলাই আশা ব্যক্ত কৰে।

অধিক পঢ়ক

সকলো চাওক