ডাউনলোড
মোবাইল এপ

android apple
signal

December 22, 2024 11:11 AM | Assam Govt

printer

লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান অনুষ্ঠান

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্রদান কৰা হ’ব। এই কাৰ্যসূচীৰ অধীনত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হ’ব। এই উপলক্ষে চাকুলিভৰীয়াৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ সমীপত আয়োজিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ভার্চুৱেল ব্যৱস্থাৰে ২৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ফটাসুঁতিঘাটৰ ৰঙানদীৰ পকী দলং উদ্বোধন কৰিব। একেদৰে আজাদত ১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা চৰকাৰী আইন মহাবিদ্যালয়ৰ ভৱনটোও মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব। আনহাতে তেওঁ ১০ কোটি টকা ব্যয় সাপেক্ষে লখিমপুৰৰ চৰকাৰী নাৰ্ছিং মহাবিদ্যালয়ৰ শৈক্ষিক ভৱন আৰু হোষ্টেলৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বগীনদীত প্রেক্ষাগৃহসহ এটা অতিথিশালাৰ ভূমি পূজনত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে ২২,৬৩৬টা বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান আৰু অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ অধীনত ৩৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যক এক কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। ইফালে ওদালগুৰি জিলাত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা উপস্থিত থাকিব। এই সভাত ৯৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটি প্ৰদান কৰা হ’ব। ৬,৫৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰাৰ লগতে ৪০৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক