September 4, 2024 7:15 PM | assam cabinet

printer

লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয়। চাৰিদিনীয়া ভ্রমণসূচীৰে ৫ খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হয়। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ চাবতিত নির্মীয়মান আন্তঃৰাজ্যিক বাছ আস্থান পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ২২ বিঘা মাটিত নিৰ্মাণ কৰি থকা এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ আন জিলালৈ যাতায়াত ব্যৱস্থাত আন এক সংযোজন ঘটিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতিৰ তদাৰক কৰি নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। এই প্ৰকল্পটো ২০২৫ৰ আগষ্টত কাৰ্যক্ষম হ’ব। আনহাতে লখিমপুৰ নগৰৰ সমীপৰ জাপিসজীয়াৰ জাৱৰ নিষ্কাষণ প্রকল্পও মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। উল্লেখযোগ্য যে এই প্ৰকল্পই সুমদিৰি নদীক সজীৱ কৰি তোলাৰ লগতে ১৬ বিঘা ভূমি পুনৰ উদ্ধাৰ কৰিব। এই ভূমিক নগৰীয়া, অৰণ্য তথা আবান ৰিট্ৰিট জনলৈ উন্নীত কৰা হ’ব। ইয়াৰ মূল লক্ষ্য হ’ব পৰিৱেশ বহনক্ষম কৰি তোলা। এই উদ্দেশ্যেৰে প্ৰায় ৫ দশমিক ৫ একৰ ভূমি সামৰি মিয়াৱাকি কৌশল ব্যৱহাৰ কৰি থলুৱা প্ৰজাতিৰ গছ ৰোপণ কৰা হ’ব। অঞ্চলটোত খোজকঢ়া আৰু চাইকেল চলোৱাৰ পথ, মৌলিক সা-সুবিধা, ফুট কৰ্ট আৰু অন্যান্য বিনোদনৰ সুবিধা থাকিব। মুখ্যমন্ত্ৰী ড০ শর্মাই ৪০০ কোটি টকা ব্যয় সাপেক্ষ ঘাগৰ দলং নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈ যোৱা বছৰ বানৰ বাবে দলঙৰ কাম ভবামতে কৰিব নোৱাৰাৰ বিপৰীতে এইবাৰ ৪২টা খুঁটাৰ পাইলিঙৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি মন্তব্য কৰে। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে নকাৰীৰ উৰণসেঁতু, ঘাগৰ দলং নিৰ্মাণৰ অগ্ৰগতিৰো বুজ লয়।

অধিক পঢ়ক

সকলো চাওক