ডাউনলোড
মোবাইল এপ

android apple
signal

April 9, 2024 5:56 PM | PM Pilivid

printer

লক্ষ্য যিমানেই কঠিন নহওক কিয়, ভাৰতে এবাৰ ঠিৰাং কৰিলে ই সেই লক্ষ্যত উপনীত হ’বই বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে ইয়াৰ বাবে যে, একো সাফল্য অসম্ভৱ নহয়, সেয়া দেখুৱাই দিছে। উত্তৰ প্ৰদেশৰ পিলিভিডৰ এখন নির্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, লক্ষ্য যিমানেই কঠিন নহওক কিয়, ভাৰতে এবাৰ ঠিৰাং কৰিলে ই সেই লক্ষ্যত উপনীত হ’বই। এই অনুপ্ৰেৰণা আৰু শক্তিৰেই বৰ্তমান চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰে বিশ্বৰ পৰা সহায় বিচাৰিছিল যদিও কৰ’ণা মহামাৰীৰ সময়ত ভাৰতবৰ্ষই বিশ্বৰ বিভিন্ন দেশলৈ ঔষধ আৰু প্ৰতিষেধক প্ৰেৰণ কৰিছিল। কোনো এখন দেশ শক্তিশালী হ’লে বিশ্বই সেই দেশৰ কথা শুনে বুলিও শ্রীমোদীয়ে প্রকাশ কৰে। তেওঁ কয় যে, দেশত যুৱ প্ৰজন্মৰ বাবে ন ন কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। বিৰোধী পক্ষক কটাক্ষ কৰি শ্ৰীমোদীয়ে কয় যে, আই এন ডি আই মিত্ৰজোটে ৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধিতা কৰিছিল আৰু প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ জনোৱা আমন্ত্ৰণক প্রত্যাখ্যান কৰিছিল। প্ৰাণ প্রতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰাসকলক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলিও প্রধানমন্ত্ৰীয়ে দাবী কৰে।

অধিক পঢ়ক

সকলো চাওক