যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছেঃ সৰ্বানন্দ সোণোৱাল

চৰকাৰে জনাইছে যে যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্যসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, যোৱা ১০ বছৰত জলপথৰ জৰিয়তে কার্গো পৰিবহন ৬ গুণ বৃদ্ধি পাইছে। ২০১৩-১৪ বৰ্ষত ১ কোটি ৮০ লাখ মেট্রিক টনতকৈ অধিক সামগ্ৰী জলপথৰ জৰিয়তে পৰিবহন কৰা হৈছে। তেওঁ লগতে কয় যে ২০২৩-২৪ বৰ্ষত এই ক্ষমতা ১৩৩ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি হৈছে। জলপথ পৰিবহনৰ আটাইতকৈ সহজ মাধ্যম বুলিও শ্রীসোণোৱালে কয়।

অধিক পঢ়ক

সকলো চাওক