ডাউনলোড
মোবাইল এপ

android apple
signal

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটত বশিষ্ঠ আৰক্ষী আৰু যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত আজি দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। ধৃত সৰবৰাহকাৰী দুজন ১৩ মাইলৰ গৌতম দাস আৰু ৰিভয়ৰ বিৰু বড়ো বুলি জানিবলৈ পোৱা গৈছে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা ৩৬.৫০ গ্রাম নিষিদ্ধ ড্ৰাগছ আৰু নগদ টকা তথা ম’বাইল ফোন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। গোলাঘাট জিলাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ এই ব্যৱসায়ত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। গোলাঘাটৰ ৩ নম্বৰ ৰে’ল গেটৰ সমীপৰ এটা ঘৰত অভিযান চলাই আৰক্ষীয়ে ৮.৭৩ গ্রাম ওজনৰ হেৰইনৰ ৯টা কণ্টেইনাৰ আৰু ম’বাইল জব্দ কৰে। এই ঘটনাত জড়িত এগৰাকী মহিলাৰ লগতে আন এজন লোকক আটক কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ইপিনে, শিৱসাগৰৰ বনিয়াবাৰীত অভিযান চলাই আৰক্ষীয়ে ই-ৰিক্সাৰ পৰা বুজন পৰিমাণৰ অবৈধ ড্ৰাগছ উদ্ধাৰ কৰে। তাপস সৰকাৰ নামৰ ই-ৰিক্সা চালকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে মাৰাত্মক ড্ৰাগছ ভর্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে চালকজনক সোধাপোছাৰ বাবে আটক কৰিছে।

অধিক পঢ়ক

সকলো চাওক