যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত ২০১৬ চনৰ ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ আৰু উন্নয়ন আইন ৰেৰাৰ সঠিক বাস্তৱায়ন আৰু ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত সংশ্লিষ্ট কর্তৃপক্ষসমূহৰ মাজত বিশেষ মত বিনিময় অনুষ্ঠান আয়োজিত হয়। যোৰহাট জিলা প্রশাসন তথা ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ উদ্যোগত আৰু বেংক অব্ বৰোদাৰ সহযোগত আয়োজিত অনুষ্ঠানত বেংকৰ বিষয়াসকল, গৃহ নিৰ্মাণৰ বাবে আগ্রহী মাটিৰ গৰাকীসকলৰ লগতে বিভিন্ন পক্ষৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত জিলা আয়ুক্তই কয় যে এই আইনৰ ফলপ্ৰসূ ৰূপায়ণৰ হকে সকলো পক্ষৰ মাজত সহায়-সহযোগিতাৰ প্ৰয়োজন। তেওঁ লগতে পৰস্পৰৰ উমৈহতীয়া লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কাম কৰি ৰিয়েল ইষ্টেট খণ্ডটো অধিক স্বচ্ছ আৰু সুচল কৰি তোলাৰ হকে মত প্ৰকাশ কৰে। ৰেৰাৰ অধ্যক্ষ তথা ৰাজ্যৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আইনখনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। এই আইনখনৰ জৰিয়তে ৰিয়েল ইষ্টেট খণ্ডত বিনিয়োগ বৃদ্ধি হোৱাৰ লগতে স্বচ্ছতা আৰু দক্ষতাৰো বিকাশ হৈছে বুলি মত প্রকাশ কৰে। অনুষ্ঠানত ঋণ প্ৰক্ৰিয়াৰ সুচলতা, আইনখন সূচাৰুৰূপে ৰূপায়িত হোৱাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, ৰেৰাৰ অধীনৰ প্ৰকল্প পৰিকল্পনা আৰু বিত্তীয় ব্যৱস্থাপনা উন্নতকৰণৰ হকে ল’বলগীয়া পদক্ষেপ, অভিযোগ নিৰাময় ব্যৱস্থা, আইনখনৰ আওঁতাৰ ভিতৰৰ সকলো পক্ষৰ অধিকাৰ আৰু দায়িত্বৰ বিষয়ে সজাগতা বৃদ্ধিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।
Site Admin | May 23, 2024 1:19 PM | Jorhat Press Meet