ডাউনলোড
মোবাইল এপ

android apple
signal

December 12, 2024 8:05 PM | Jorhat-Jaji

printer

যোৰহাট-জাঁজী ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব : গাডকাৰী

যোৰহাট-জাঁজী ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব বুলি আজি লোকসভাত কেন্দ্রীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাৰ প্রশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পথছোৱা দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দল-সংগঠনকে ধৰি ব্যক্তি বিশেষে ওজৰ-আপত্তি দাখিল কৰি আহিছিল। জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে আজি এই ঘোষণা কৰে। শ্রীগাডকাৰীয়ে সমগ্ৰ দেশতে দুৰ্ঘটনাগ্রস্ত লোকৰ বাবে শীঘ্ৰে নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ হ’ব বুলি উল্লেখ কৰে। তেওঁ কয়, যে ছখন ৰাজ্যত বলৱৎ হৈ থকা এই আঁচনিখন শীঘ্ৰে উত্তৰ প্ৰদেশ আৰু পিছলৈ দেশৰ বাকী অংশতো প্ৰৱৰ্তন কৰা হ’ব। এই আঁচনিৰ জৰিয়তে পথ দুৰ্ঘটনাগ্রস্ত লোকসকলে চিকিৎসালয়সমূহত ডেৰ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰিব। ঘাইথপথসমূহত ক্ৰমাৎ বৃদ্ধি পোৱা দুর্ঘটনাক লৈ উদ্বেগ প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাতে দুৰ্ঘটনা প্ৰতিৰোধ সমিতি গঠন কৰি এনে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণসমূহ চালি-জাৰি চাবলৈ সদনৰ সদস্যসকলক অনুৰোধ জনায়। তাৎক্ষণিক চিকিৎসা লাভ নকৰা বা চিকিৎসাত পলম হোৱাৰ বাবে ৩০ শতাংশ পথ দুৰ্ঘটনা সংঘটিত লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে নগদবিহীন চিকিৎসা আঁচনিখনে সম্প্ৰতি ৰূপায়ণ হৈ থকা ছখন ৰাজ্যত ২ হাজাৰ ১০০ গৰাকী লোকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক