সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি যোৰহাট নির্বাচনী জিলা দ্বিতীয় পৰ্যায়ৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। প্রশিক্ষকসকলে নিৰ্বাচনৰ নীতি-নির্দেশনা তথা বেলট বাকচ ব্যৱহাৰ সন্দৰ্ভত প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণ কার্যসূচীতে প্রথম পৰ্যায়ত প্ৰশিক্ষণ ল’বলৈ বাদ পৰি ৰোৱা প্রিজাইডিং আৰু প’লিং বিষয়াসকলকো অন্তৰ্ভুক্ত কৰা হয় ৷ ডিব্ৰুগড় জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি এখন সভা অনুষ্ঠিত হয়। সভাখনত জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন কোষৰ মুৰবৰী সকলৰ পৰা নিৰ্বাচনী কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। লগতে বেলট পেপাৰ ছপোৱা, কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ভোটগ্রহণ কেন্দ্ৰৰ তথ্য আৰু উপলব্ধ সা-সুবিধা, ভোটগ্ৰহণৰ বাবে যাৱতীয় সা-সামগ্ৰী বিতৰণ আদি সম্পর্কে বিতংভাৱে আলোচনা কৰে।
Site Admin | April 23, 2025 7:02 PM | Akashvani Guwahati | Jorhat | Local news | Panchyat election
যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন
