যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্ৰী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্ৰতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ষয়-ক্ষতিৰ সম্পৰ্কত বুজ লৈ সংশ্লিষ্ট সকলো বিভাগকে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থাকি সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। তদুপৰি ক্ষতিগ্ৰস্ত ৰাইজে যাতে সাহায্য, চিকিৎ‍সাসেৱা, বিশুদ্ধ খোৱাপানীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব পাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে বাট পথ, বিদ্যালয়, আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষয় ক্ষতিৰ হিচাপে সঠিকভাৱে নিৰূপণ কৰি ক্ষতিপূৰণ নাইবা পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে। তেওঁ জলসম্পদ, লোকনির্মাণ, কৃষি, চিকিৎসা, পশু চিকিৎসা, শক্তি আদি বিভাগক সকলো সময়তে সাজু হৈ থাকি জনসাধাৰণক সেৱা আগবঢ়াবলৈ আহ্বান জনায়। সভাখনত জিলাখনৰ আয়ুক্তই সাম্প্ৰতিক বানত যোৰহাট জিলাত হোৱা ক্ষয়-ক্ষতি আৰু সাহায্য বিতৰণ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰে। এই সভাত যোৰহাটৰ বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু দেৰগাওঁৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীৰ লগতে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক