যোৰহাটত জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত উপস্থিত হৈ জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ ৩৫ খন গাঁৱত ৩১৯ হেক্টৰ ধাননিত ৰাইচ হিছপা নামৰ চৰহা পোকৰ আক্ৰমণৰ বাবে জিলাখনৰ ৫৮৯ গৰাকী কৃষক সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে সমগ্র বিষয়টোৰ শেহতীয়া দিশৰ বুজ লোৱাৰ উদ্দেশ্যে কৃষি মন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত মিলিত হয়। তেওঁ কৃষকসকলৰ সকাহৰ বাবে জিলা কৃষি বিভাগে গ্রহণ কৰি থকা যাৱতীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ পৰ্যালোচনা কৰে। ২৮১ হেক্টৰ ধাননিত ইতিমধ্যে পোকৰ আক্ৰমণ ৰোধ হৈছে। কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি ধাননিসমূহ পোকৰ উপদ্ৰৱৰ পৰা আগন্তুক সময়তো সুৰক্ষিত ৰাখিবলৈ ল’বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা যাতে কোনো ত্রুটি নৰয়, তাৰ বাবে কৃষি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা পি এম কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, ডিজিটেল ক্ৰ’প ছাৰ্ভেকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি আঁচনিসমূহৰ ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে বুজ লয়।

অধিক পঢ়ক

সকলো চাওক