ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এই আজি, যোৱা বছৰ – উগ্ৰপন্থী সংগঠন আলফাই যোৰহাটৰ এটা সামৰিক ঘাটিত গ্রেনেড নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত আজি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। যোৰহাটৰ লিচুবাৰী সামৰিক ঘাটিত যোৱা ১৪ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছে। উগ্ৰপন্থী সংঘটনটোৱে উত্তৰ প্ৰদেশৰ ৰাজ্য কেইখনৰ সেনা ছাউনীসমূহত ষড়যন্ত্ৰৰ পৰিকল্পনাৰ অংশ হিচাপে এই ঘটনা সংঘটিত কৰিছিল। ইয়াৰপূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সেনা ছাউনীতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে ১৫ ডিচেম্বৰত এই ঘটনাৰ দায়িত্ব গ্ৰহণ কৰি এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ম্যানমাৰত থকা আলফা স্বাধীনৰ স্বয়ম্ভূ কেপ্তেইন অভিজিৎ গগৈ আৰু সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাই এই ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল বুলি প্ৰকাশ পাইছে।
Site Admin | June 26, 2024 8:46 PM | NIA Report