ডাউনলোড
মোবাইল এপ

android apple
signal

January 12, 2025 8:46 PM | PM Modi

printer

যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক শীঘ্ৰে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্রকাশ

যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক শীঘ্ৰে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বিকশিত ভাৰত যুৱ নেতা আলোচনাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ যুৱ শক্তিয়ে উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। তেওঁ কয়, যে নতুন প্ৰজন্মৰ ওপৰত তেওঁৰ গভীৰ আস্থা আছে আৰু যুৱ প্ৰজন্মই সকলো সমস্যাৰ সমাধান উলিয়াবলৈ সমর্থ হ’ব। প্রধানমন্ত্রী মোদীয়ে কয়, যে প্ৰতিজন নাগৰিকৰ সক্ৰিয় অংশগ্রহণ আৰু ঐক্যৱদ্ধ প্ৰচেষ্টাৰ দ্বাৰা অভিলাষী লক্ষ্যত উপনীত হোৱাটো সম্ভৱপৰ হৈ উঠিব। তেওঁ কয়, যে ভাৰতে বিভিন্ন ক্ষেত্ৰত নিৰ্ধাৰিত সময়তকৈ পূর্বেই লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্রীয়ে লগতে কয়, যে ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’বলৈ আর্থিক, কৌশলগত, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সৱলীকৰণ নিশ্চিত কৰিব লাগিব। বিগত দশকটোত ২৫ কোটি লোক দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হৈছে বুলি প্রধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে ভাৰত ৫ লাখ কোটি ডলাৰ অৰ্থনীতি হিচাপে বিকশিত হোৱাৰ দিশত দ্ৰুত গতিত অগ্ৰসৰ হৈছে। তেওঁ ভাৰতীয় অর্থনীতিয়ে পৰৱৰ্তী দশকত ১০ লাখ কোটিক অতিক্ৰম কৰিব বুলি আশা প্রকাশ কৰে। প্রধানমন্ত্ৰীয়ে কয়, যে আজি সমগ্র দেশে স্বামী বিবেকানন্দক স্মৰণ কৰিছে। স্বামী বিবেকানন্দই দেশৰ যুৱ প্ৰজন্মৰ ওপৰত গভীৰ আস্থা ৰাখিছিল বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে ভাৰতৰ যুৱক-যুৱতীসকলে নিশ্চিতভাৱে এই আস্থাক প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হ’ব। তেওঁ কয়, যে বিশ্বই চন্দ্ৰযানৰ সফলতা প্ৰত্যক্ষ কৰিছে আৰু সম্প্ৰতি দেশখনে গগণ যানৰ বাবে প্রস্তুতি চলাই আছে। ২০৩৫ চনৰ পূৰ্বে ভাৰতে মহাকাশত নিজা কেন্দ্ৰ স্থাপন কৰিবলৈ সমৰ্থ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয়, যে এই দশকৰ শেষৰ ফালে ভাৰতে ৫০০ গিগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। উল্লেখযোগ্য, যে বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ এই তিনিদিনীয়া কাৰ্য্যসূচী যোৱা শুকুৰবাৰে আৰম্ভ হয়। এই অনুষ্ঠানে বিকশিত ভাৰত গঢ়াৰ বাবে উদ্ভাৱনীমূলক সমাধান উলিয়াবলৈ যুৱ প্ৰজন্মক এখন অভিনৱ মঞ্চ প্ৰদান কৰিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। এই কাৰ্য্যসূচীত ভাগ লোৱাৰ সময়তে প্রধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ ৩ হাজাৰ গৰাকী সুদক্ষ যুৱ নেতাৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত ১০ টা বিষয়ত লিখা শ্রেষ্ঠ বিবেচিত ৰচনাৰ এখন সংকলনো উন্মোচন কৰে। প্ৰযুক্তি, বহন ক্ষমতা, মহিলা সৱলীকৰণ, কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত এই ৰচনাসমূহ লিখা হৈছিল। উল্লেখযোগ্য, যে বিকশিত ভাৰত যুৱ নেতা আলোচনাই যুৱ প্ৰজন্মৰ নেতাসকলক নীতি প্ৰণেতা আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আগশাৰীৰ ব্যক্তিসকলৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হোৱাৰ লগতে দেশৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত নিজৰ মতামত প্ৰকাশৰ দ্বাৰা অৰিহণা যোগোৱাৰ সুযোগ দিছে।

অধিক পঢ়ক

সকলো চাওক