প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত দিল্লী প্ৰতিৰক্ষা আলোচনাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা কৌশলগত বিকল্প নহয়, বৰং আৱশ্যকতাহে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিৰুদ্ধে তথ্য যুদ্ধৰ বিভীষিকা দূৰ কৰাৰ বাবে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। দেশ সন্ত্ৰাসবাদ, চাইবাৰ আক্ৰমণ আৰু হাইব্ৰীড যুদ্ধৰ দৰে ভিন ভিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি শ্ৰী সিঙে প্ৰকাশ কৰে। তেওঁ কয়, যে উদীয়মান প্ৰযুক্তিৰ বাবে যুদ্ধৰ পৰম্পৰাগত ধাৰণাৰ সলনি হৈছে। শ্ৰী সিঙে কয় যে দেশে চাইবাৰ ক্ষেত্ৰ আৰু কৃত্রিম বুদ্ধিমত্তা বিষয়ক নতুন প্রযুক্তি সন্দৰ্ভত অহৰহ কাম কৰি আছে আৰু প্ৰতিৰক্ষা খণ্ডত অত্যাধুনিক কৃত্রিম বুদ্ধিমত্তাৰ সামৰ্থ্য গঢ়ি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। শক্তিশালী আৰু আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে লোৱা বিভিন্ন ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বিদেশী যোগানকাৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উদ্দেশ্যে থলুৱা সামর্থ্য বিকশাই তোলাত গুৰুত্ব আৰোপ কৰিছে। তেজছ লঘু যুদ্ধ বিমান, আই এন এছ বিক্ৰান্ত আৰু প্ৰতিৰক্ষা গৱেষণা তথা বিকাশ সংস্থা ডি আৰ ডি অ’ৰ ক্ষেপনাস্ত্ৰ কাৰ্যসূচীৰ দৰে থলুৱা প্ৰতিৰক্ষা প্ৰকল্পসমূহত সাফল্যৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইসমূহক মেক ইন ইণ্ডিয়া উদ্যমৰ উল্লেখখনীয় সাফল্য বুলি অভিহিত কৰে। শ্ৰী সিঙে লগতে প্ৰতিৰক্ষা ৰপ্তানিকাৰী হিচাপে ভাৰতৰ বৰ্ধিত ভূমিকাৰ বিষয়ে আলোকপাত কৰে আৰু দেশে বর্তমান শতাধিক দেশলৈ প্ৰতিৰক্ষা আহিলাপাতি ৰপ্তানি কৰিবলৈ লৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে দেশে ২০২৯-৩০ বৰ্ষলৈ ৫০ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা ৰপ্তানি লক্ষ্যত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰে।
Site Admin | November 12, 2024 2:24 PM | AIR India | Defence Ministers | India Govt. | Rajnath Singh | Raksha Mantri Rajnath Singh