March 31, 2024 6:53 PM | Easter

printer

যীশুখ্ৰীষ্টৰ পুনৰুজ্জীৱনৰ স্মৃতিত সমগ্ৰ বিশ্বত ইষ্টাৰ পালন

সমগ্ৰ বিশ্বতে আজি ইষ্টাৰ পালন কৰা হৈছে। ধর্মীয় বিশ্বাস অনুসৰি ক্ৰুছবিদ্ধ কৰাৰ পাছত আজিৰ দিনটোত যিশুখ্ৰীষ্ট পুনৰ জী উঠিছিল। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ গীৰ্জা ঘৰসমূহত কালি মাজনিশাৰে পৰা বিশেষ ইষ্টাৰ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। এই উৎসৱক নতুনৰ আৰম্ভণি আৰু বসন্তৰ আগমনৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইষ্টাৰ উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে। শ্ৰীমতী মুর্মুৱে এটা বাৰ্তাযোগে কৈছে যে, যীশুখ্ৰীষ্টৰ পুনৰুজ্জীৱনৰ স্মৃতিত উদযাপন কৰা এই উৎসৱ মৰম, ভালপোৱা আৰু কৰুণাৰ প্ৰতীক। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ইষ্টাৰে স্বাশ্বত সত্যৰ বাৰ্তা দিয়ে আৰু সকলোকে ত্যাগ আৰু ক্ষমাৰ পথ দেখুৱায়। যীশুখ্ৰীষ্টৰ শিকনিসমূহে আমাক শান্তি আৰু সমন্বয়ৰ পথেৰে অগ্ৰসৰ হোৱাত সহায় কৰি আহিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি ধনখড়ে তেওঁৰ বাৰ্তাত কৈছে যে, যীশুখ্ৰীষ্টৰ পুনৰুজ্জীৱনৰ স্মৃতিত পালন কৰা ইষ্টাৰে মৰম ভালপোৱা, কৰুণা আৰু ক্ষমাৰ প্ৰভাৱৰ বিষয়ে সোঁৱৰাই দিয়ে। তেওঁ লগতে এই পবিত্র উৎসৱে সকলোৰে জীৱনলৈ শান্তি সম্প্ৰীতিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে এইবুলি আশা প্রকাশ কৰিছে যে, এই বিশেষ দিনটোৱে যেন নতুনত্ব আৰু আশাৰ বতৰা কঢ়িয়াই আনে। তেওঁ লগতে মানৱ জাতিৰ মাজত একতা আৰু শান্তিৰ কামনা কৰে।

অধিক পঢ়ক

সকলো চাওক