যি একতা আৰু ত্যাগৰ সংগ্ৰামেৰে দেশবাসীয়ে স্বাধীনতা পালে সেই একেই সংকল্পৰে দেশে আগবাঢ়ে তেন্তে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ’বঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে। নতুন দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ এই শুভক্ষণত স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া আৰু আজীৱন সংঘৰ্ষ কৰা প্ৰতিজন স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰে। শ্ৰী মোদীয়ে ভাষণ প্ৰসংগত কয় যে, দেশৰক্ষা তথা দেশ নিৰ্মাণ কৰা প্ৰতিজন কৃষক, জোৱান, যুৱক-যুৱতী, মহিলা, শোষিত আৰু বঞ্চিত বৰ্গৰ দেশৰ প্ৰতি নিষ্ঠা বিশ্বৰ বাবে প্ৰেৰণাৰ বিষয়। তেওঁ লগতে কয় যে, স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱা সংঘৰ্ষৰ সময় আছিল। সমাজৰ প্ৰতিটো বৰ্গৰ লোকৰ নিঃস্বাৰ্থ দেশপ্ৰেম আৰু ত্যাগৰ ফলস্বৰূপে দেশে স্বাধীনতা লাভ কৰিলে। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ উদ্ধৃতি দি তেওঁ কয় যে, ইয়াৰ পূৰ্বেও দেশৰ বিভিন্ন প্ৰান্তত ঔপনিবেশিক শাসনৰ বিৰুদ্ধে আদিবাসী সকলে তীব্র আন্দোলন গঢ়ি তুলিছিল। স্বাধীনতাৰ বাবে দেশবাসীয়ে যি একতা আৰু ত্যাগেৰে সংগ্ৰাম কৰি গ’ল সেই একেই সংকল্পৰে যদি আজি ১৪০ কোটি দেশবাসীয়ে দেশৰ বাবে সেৱা আগবঢ়াই তেন্তে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লালকিল্লাৰ পৰা দিয়া ভাষণত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিকশিত ভাৰতৰ উদ্দেশ্য আগত ৰাখি দেশ প্রথম নীতিৰ আধাৰত তেওঁৰ চৰকাৰে বহুতো পৰিৱৰ্তন আনিছে আৰু এই ক্ষেত্ৰত দেশবাসীৰ নীতি-পৰামৰ্শ গ্ৰহণ কৰা হৈছে। শ্ৰী মোদীয়ে ভ’কেল ফৰ ল’লে মন্ত্ৰৰ সফলতাত আনন্দ প্ৰকাশ কৰি কয় যে, এই মন্ত্ৰৰ আধাৰত প্ৰতিখন জিলাই আজি নিজৰ উৎপাদিত সামগ্ৰীৰ ওপৰত গৌৰৱ অনুভৱ কৰিব পাৰিছে। এখন জিলা, এটা উৎপাদন ৰাইজৰ মাজত আজি জনপ্ৰিয় হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বাবে উদ্বেগ প্রকাশ কৰে। দুৰ্যোগত ক্ষতিগ্রস্ত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই বিপদৰ সময়ছোৱাত চৰকাৰ তেওঁলোকৰ কাষত আছে। উল্লেখযোগ্য যে লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ বিভিন্ন দেশৰ প্ৰতিনিধিৰ লগতে পেৰিছ অলিম্পিকত অংশগ্ৰহণকাৰী খেলুৱৈসকল আৰু বিভিন্ন ক্ষেত্ৰৰ ৬ হাজাৰ বিশিষ্ট ব্যক্তি বিশেষ অতিথি হিচাপে উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক