ডাউনলোড
মোবাইল এপ

android apple
signal

December 22, 2024 6:37 PM | USA attack on Yamen

printer

য়েমেনৰ হুতী বিদ্রোহী গোটৰ ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আৰু নিয়ন্ত্রণ কেন্দ্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশমাৰ্গৰ পৰা আক্রমণ

আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশা ছানাত য়েমেনৰ হুতী বিদ্রোহী গোটৰ দ্বাৰা পৰিচালিত ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আৰু কমাণ্ড তথা নিয়ন্ত্রণ কেন্দ্ৰ এটাত আকাশমাৰ্গৰ পৰা আক্রমণ চলায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত দেশখনৰ চেণ্ট্ৰেল কমাণ্ড বাহিনীয়ে এই তথ্য সদৰি কৰে। বাৰ্তাটোত লগতে প্ৰকাশ কৰা মতে হুতী বিদ্রোহী গোটে আক্ৰমণৰ উদ্দেশ্যে প্ৰেৰণ কৰা কেইবাটাও ড্ৰোণ আৰু জাহাজ ধ্বংসী ক্ষেপণাস্ত্র এটাও বাহিনীটোৱে লোহিত সাগৰৰ ওপৰত ধ্বংস কৰে। আনহাতে এই আক্ৰমণৰ পৰৱৰ্ত্তী সময়ত মধ্য ইজৰাইলত হুতী বিদ্ৰোহীয়ে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে চলোৱা অভিযানত তেল আভিভত কমেও কুৰিগৰাকী লোক আহত হয় বুলি বিদ্রোহী গোটটোৱে দাবী কৰিছে। ইয়াৰ সমান্তৰালভাৱে লোহিত সাগৰৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন যুঁজাৰু জেট বিমান মিত্ৰপক্ষৰ গোলাবর্ষণত দুর্ঘটনাক্রমে ধ্বংসপ্রাপ্ত হয়। অৱশ্যে এই ঘটনাত বাহিনীটোৰ নৌ সেনাৰ দুয়োজন নাৱিককে সুকলমে উদ্ধাৰ কৰা হৈছে। ইয়াৰে এজন সামান্য পৰিমাণে আহত হোৱা বুলি প্ৰকাশ পাইছে। উল্লেখযোগ্য যে, যোৱা বছৰৰ নৱেম্বৰৰ পৰাই হুতী বিদ্ৰোহীয়ে ইজৰাইলৰ বিভিন্ন নগৰ-মহানগৰত ৰকেট আৰু ড্ৰোণেৰে চলোৱা আক্রমণ বৃদ্ধি কৰাৰ লগতে লোহিত সাগৰত ইজৰাইলৰ জাহাজৰ চলাচল বিঘ্নিত কৰি আহিছে। বিদ্রোহী গোটটোৰ এনে সক্রিয়তা প্রতিহত কৰাৰ উদ্দেশ্যে আমেৰিকা আৰু ব্ৰিটেইনৰ সংযুক্ত নৌবাহিনীয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহৰে পৰা হুতী বিদ্ৰোহীৰ বিভিন্ন স্থানত আকাশমাৰ্গেৰে নিয়মীয়াকৈ আক্ৰমণ সংঘটিত কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক