বিশ্ব স্বাস্থ্য সংস্থা WHO ৰ সঞ্চালক প্রধান টেড্ৰোছ অধোনম ঘেব্ৰেয়ছছে য়েমেনৰ ৰাজধানী ছনাত হুটি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ ১৩ গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। শ্রীঘেব্রেয়ছছে সামাজিক মাধ্যমযোগে কৈছে, যে বিশ্ব স্বাস্থ্য সংস্থাই আটক কৰা লোককেইজনক শীঘ্ৰে মুকলি কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘই যোৱা জুনত ইয়াৰ ১৩ জন কৰ্মচাৰীক হুটি বিদ্রোহীয়ে আটক কৰাৰ কথা নিশ্চিত কৰিছে।
Site Admin | December 27, 2024 7:06 PM | WHO-Houthi
য়েমেনৰত হুটি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ ১৩গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ
