ডাউনলোড
মোবাইল এপ

android apple
signal

যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া বিয়লি সম্পন্ন কৰা হ’ব

কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিতালত দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পন্ন কৰা হ’ব। পৰিচালকগৰাকীৰ নশ্বৰ দেহ বৰ্তমান মুম্বাইৰ পে’ডাৰ ৰোডত থকা তেওঁৰ বাসভৱনত ৰখা হৈছে আৰু ছবিজগতৰ ভালেসংখ্যক শিল্পী, কলাকুশলীয়ে শ্যাম বেনেগালৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভূগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ কালি মুম্বাইত ৯০ বছৰ বয়সত মৃত্যু হয়। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰাৰ সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মন্থন, ভূমিকা, জুনুন, কলিযুগ, ত্ৰিকাল, সুজ কা সাতৱা ঘোঁৰা, মান্নো, মান্দি, চৰ্দাৰী বেগম, জুবেইদা ইত্যাদি। শ্বাৱানা আজমী, অনন্ত নাগ, স্মিতা পাটিল, নাছিৰুদ্দিন শ্বাহৰ দৰে বিশিষ্ট অভিনয় শিল্পীক চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠিত কৰোৱা বেনেগাল ১৮টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্ম ফেয়াৰ বঁটাৰে বিভূষিত হৈছিল। ২০০৫ চনত দাদা চাহেব ফাল্কে, ১৯৭৬ চনত পদ্মশ্ৰী আৰু ১৯৯১ চনত পদ্ম ভূষণ সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক