ডাউনলোড
মোবাইল এপ

android apple
signal

January 28, 2025 5:55 PM | AAP | Akashvani

printer

যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিৰ

দিল্লীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে যমুনাৰ পানীক লৈ আম আদমী পাৰ্টী আৰু বিজেপিৰ বাক যুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। হাৰিয়ানাৰ বিজেপি চৰকাৰে যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে সংবাদ মাধ্যমক কয়, যে জল বোর্ডে এই অভিযোগ খণ্ডন কৰিছে আৰু এই কথাই চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰৰ বিৰুদ্ধে আম আদমী পার্টীয়ে ভিত্তিহীন অভিযোগ কৰাৰ চেষ্টা কৰা বুলি প্ৰমাণ কৰিছে।দিল্লীৰ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতেও এই প্রসংগত আপৰ প্ৰধান নেতা অৰবিন্দ কেজৰিৱালক সমালোচনা কৰিছে। শ্ৰী দীক্ষিতে দাবী কৰে যে, যমুনাৰ পানীত কি ধৰণৰ বিহু মিহলোৱা হৈছিল সেই বিষয়ে অৰবিন্দ কেজৰিৱালে ব্যাখ্যা কৰা উচিত।আপৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে যমুনাত এম’নিয়াৰ পৰিমাণ বৃদ্ধিক লৈ মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ কয়, যে দিল্লী জল বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াৰ টোকাত দিল্লী জলবোর্ড পানী পৰিশোধন প্রকল্পই এই এমনিয়া শোধন কৰিব নোৱাৰে বুলি স্পষ্ট হৈছে। আতিশীৰ মতে হাৰিয়ানাৰ পৰা দিল্লীলৈ বৈ অহা যমুনা নদীৰ পানীত ক্ৰমাৎ এমনিয়াৰ পৰিমাণ বৃদ্ধি হৈছিল বুলিও জল বোৰ্ডৰ টোকাত উল্লেখ কৰা হৈছিল। বিহ মিহলোৱা অথবা হাৰিয়ানাৰ ঔদ্যোগীক আৱৰ্জনা পেলোৱাৰ ফলতে যমুনা নদী দুষিত হোৱা বুলিও আতিশীয়ে দাবী কৰে।

অধিক পঢ়ক

সকলো চাওক