মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দ্বিপাক্ষিক আলোচনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে প্রতিনিধি পৰ্যায়ৰ আলোচনাতো ভাগ লয়। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে চাৰিখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত আজি তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত হ’ব। ভ্ৰমণ কালত তেওঁ দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। আফ্ৰিকাৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণেই হ’ল তেওঁৰ এই যাত্ৰাৰ মূল উদ্দেশ্য।

অধিক পঢ়ক

সকলো চাওক