মৰিগাঁৱৰ ছেমি কণ্ডাক্টৰ  প্ৰকল্পৰ জৰিয়তে ভৱিষ্যতে অসম দেশৰ ভিতৰতে উদ্যোগ প্রধান ৰাজ্য হিচাপে পৰিগণিত হ’বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱৰ ছেমি কণ্ডাক্টৰ  প্ৰকল্পৰ জৰিয়তে ভৱিষ্যতে অসম দেশৰ ভিতৰতে উদ্যোগ প্রধান ৰাজ্য হিচাপে পৰিগণিত হ’ব বুলি প্ৰকাশ কৰিছে। ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জাগীৰোডত টাটা গ্ৰুপৰ সহযোগত স্থাপন হ’বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কালি ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। যোৱা ১৩ মাৰ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে টাটা চন্সৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰণে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ প্ৰধানমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, টাটা গ্রুপে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ কল্যাণৰ অৰ্থে সহযোগিতা আগবঢ়াই আহিছে। অসমৰ চাহ বাগিছাৰ ২৯ হাজাৰ শ্ৰমিকক টাটা গ্রুপে কৰ্মসংস্থাপন দিয়াৰ উপৰি ১ লাখতকৈ অধিক লোকৰ জীৱিকাৰ দায়িত্ব বহন কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে কয় । আনহাতে, জাগীৰোডত স্থাপন হ’বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অত্যন্ত ইতিবাচক বতৰা কঢ়িয়াই আনিছে বুলি ৰাজ্যিক বিজেপিয়ে প্রকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই কালি এটা বিবৃতিৰ জৰিয়তে কয় যে, এই প্ৰকল্পই ৰাজ্যৰ প্ৰযুক্তি আৰু সংস্থাপনৰ ক্ষেত্ৰখনত নতুন মাত্ৰা প্ৰদান কৰিব।

অধিক পঢ়ক

সকলো চাওক