অসমীয়া ভাষা সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্রয়াত ড° লক্ষ্মীনন্দন বৰাৰ তৃতীয় স্মাৰক বক্তৃতা অনুষ্ঠান কালি মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ড° লক্ষ্মীনন্দন বৰা স্মাৰক ন্যাসৰ উদ্যোগত আৰু অসমীয়া নতুন সংবাদ গোষ্ঠীৰ সহযোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানৰ অসম সৌৰভ বঁটা প্ৰাপক নাদিৰাম দেউৰীয়ে বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰি শংকৰী সাহিত্যৰ বিশিষ্ট গৱেষক ড° সঞ্জীৱ কুমাৰ বৰকাকটীয়ে ড° বৰাৰ সাহিত্য কৃতীৰ বিভিন্ন দিশ সম্পৰ্কে ব্যাখ্যা কৰে। সভাত সাহিত্যিকগৰাকীৰ পুত্ৰ ড° স্বৰূপ নন্দন বৰাই প্ৰয়াত পিতৃৰ নামত উৎসৰ্গিত ন্যাসৰ কাৰ্যাৱলী ব্যাখ্যা কৰি প্ৰতি বছৰে কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক আৰু স্নাতকোত্তৰ দুজন ছাত্ৰ-ছাত্ৰীক ড° লক্ষ্মীনন্দন বৰা পাৰদৰ্শিতা বঁটা দিয়াৰ কথা অৱগত কৰে। অনুষ্ঠানত এই বছৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ দ্বীপশিখা ডেকা আৰু শ্ৰেষ্ঠ স্নাতক অপূর্ব নাথক এই বঁটা প্ৰদান কৰা হয় ৷
Site Admin | July 21, 2024 12:41 PM | Dr Lakhminandan Bora