April 22, 2024 8:26 PM | Morigaon

printer

মৰিগাঁৱত মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি মৰিগাঁৱত উপস্থিত হৈ জিলাখনত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচনী জিলাত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী কামকাজৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে এখন সভাত মিলিত হয়। সভাত শ্রীগোৱেলে স্ট্রং ৰুমৰ ব্যৱস্থাপনাৰ সন্দৰ্ভত বিতংভাৱে বুজ লোৱাৰ লগতে ৱেব কাষ্টিং, জি পি এছ ব্যৱস্থা, ই ভি এম ব্যৱস্থাপনা আদি বিষয় সন্দৰ্ভত আলোচনা কৰে। একেদৰে, নগাঁৱতো মুখ্য নির্বাচনী বিষয়াগৰাকী উপস্থিত হৈ নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে জিলা প্ৰশাসনৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে পর্যালোচনা মিলিত হয়। ইয়াৰ পাছত বিষয়াগৰাকী নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ ষ্ট্ৰং ৰুম, সামগ্ৰীসমূহৰ বিতৰণ ব্যৱস্থা আৰু খাদ্য যোগানকে ধৰি নিৰ্বাচনৰ সৈতে জড়িত সকলো ব্যৱস্থাপনাৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক