দেশজুৰি উদযাপিত সু-শাসন সপ্তাহ ২০২৪ৰ অংশ হিচাপে মৰিগাঁও জিলাত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সু-শাসন সপ্তাহৰ মূল লক্ষ্যসমূহ ব্যাখ্যা কৰে। তেওঁ সু-শাসনৰ জৰিয়তে জনতাৰ সমস্যাৰ দ্রুত সমাধান, উন্নত সেৱা প্ৰদান আৰু প্ৰশাসনক অধিক জনমুখী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰিচন্দ্ৰ দত্ত আৰু ৰাজ্য চৰকাৰৰ সচিব কাব্যশ্ৰী মহন্তই সু-শাসন সম্পর্কত আলোকপাত কৰে। তেওঁলোকে সু-শাসনৰ জৰিয়তে প্ৰশাসনৰ স্বচ্ছতা, দ্রুত সেৱা প্ৰদান আৰু জনমুখি পদক্ষেপ সম্বন্ধে ভাষণত উল্লেখ কৰে। কর্মশালাখনত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলে নিজ নিজ বিভাগৰ জৰিয়তে ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু সেৱাসমূহৰ বিষয়ে প্রতিবেদন আগবঢ়ায়।
একেদৰে বৰপেটা জিলাতো সু-শাসন সপ্তাহ উপলক্ষে চৰকাৰৰ কেইবাটাও বিভাগৰ কাম-কাজক লৈ এখন কর্মশালা অনুষ্ঠিত হয়। জিলাখনৰ গ্ৰামাঞ্চলৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে ৰাইজক উৎকৃষ্ট সেৱা আগবঢ়োৱা সম্পৰ্কে কৰ্মশালাখনত আলোচনা কৰা হয়। এই কৰ্মশালাত স্বাস্থ্য, কৃষি, পশুপালন, সমবায় সমিতি আৰু উদ্যোগত বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। জিলাখনত ৰূপায়ণ হৈ থকা কামবোৰ অধিক ফলপ্রসূ কৰি তুলিবলৈ ল’বলগীয়া পদক্ষেপ সম্পর্কেও কর্মশালাখনত আলোচনা কৰা হয়।