ডাউনলোড
মোবাইল এপ

android apple
signal

মৰিগাঁওৰ আঁহতগুৰিত ৰজত কমল বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক, অভিনেতা হেমেন দাসৰ প্রথম মৃত্যুবার্ষিকী পালন

মৰিগাঁও জিলাৰ আঁহতগুৰিত আজি ৰজত কমল বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক, অভিনেতা হেমেন দাসৰ প্রথম মৃত্যুবার্ষিকী পালন কৰা হয়। এই উপলক্ষে প্রয়াত শিল্পীগৰাকীৰ আঁহতগুৰিৰ নিজা বাসভৱনত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। এই সভাখনত কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰববী অধ্যাপক ড° অকুণ্ঠিতা বৰঠাকুৰৰ সম্পাদনা আৰু গৱেষক ছাত্ৰী প্ৰিয়ম ডি জোৎস্নাৰ সহ-সম্পাদনাত প্ৰকাশ কৰা অনুক্ত শীর্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ৰবীন ডেকা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মাধুৰিমা বৰুৱা সেন, তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ প্ৰাক্তন মুৰববী সুনীল কুমাৰ দত্ত, অভিনেত্রী সীতাৰাণী হাজৰিকা, চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ সভাপণ্ডিত, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্রজিৎ দাস প্রমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থ উন্মোচন কৰে। সভাত সকলোৱে হেমেন দাসৰ স্মৃতি যুগমীয়া কৰাৰ বাবে তেওঁ লিখা চিনেমা বিষয়ক প্ৰৱন্ধৰ সংকলন প্ৰকাশ কৰা আৰু এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি নতুন প্ৰজন্মক হেমেন দাসৰ বহুমুখী প্রতিভাৰ বিষয়ে জনোৱা তথা গৱেষণাৰ বাট মুকলি কৰাৰ বাবে আলোকপাত কৰে।

অধিক পঢ়ক

সকলো চাওক