ডাউনলোড
মোবাইল এপ

android apple
signal

মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কালাপাহাৰৰ ৰাধা গোবিন্দ বৰুৱা পথ, ড° ভূপেন হাজৰিকা পথ আৰু মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত ১৫ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্পকেইটা নিৰ্মাণ কৰা হৈছে।

ইয়াৰ ফলত বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়াম, কালাপাহাৰ, ফটাশিল, কলনী বজাৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিকল্প পথেৰে যাতায়াত কৰা যানবাহন আৰু যাত্ৰীৰ সুবিধা হ’ব। তদুপৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত ক্রিকেট খেলৰ সময়ত হোৱা যান-জঁটৰ সমস্যা হ্ৰাস পোৱাৰ লগতে ষ্টেডিয়ামৰ প্ৰৱেশ দ্বাৰলৈ সংযোগ ব্যৱস্থা সু-শৃংখলিত হৈ উঠিব বুলিও আশা কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক