ৰাজ্যৰ সামাজিক ন্যায়, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি মৰাণ স্বায়ত্বশাসিত পৰিষদ আৰু মৰাণ জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে দিছপুৰৰ জনতা ভৱনত এখন বৈঠকত মিলিত হয়। এই বৈঠকত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰিও মৰাণ জনগোষ্ঠীৰ জনসংখ্যাৰ জৰীপ চলাই পৰৱৰ্তী সময়ত পাৰিষদীয় সমষ্টি গঠনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। মৰাণ স্বায়ত্বশাসিত পৰিষদত যাতে পূৰ্ণাংগ ৰূপত গঢ়ি তোলাৰ সন্দৰ্ভত জনগোষ্ঠীটোৰ দল-সংগঠনৰ সৈতে আলোচনা কৰা হয়। মন্ত্ৰী হাজৰিকাই ৰাজ্য চৰকাৰে মৰাণ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিবলৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁলোকক অৱগত কৰে। বৈঠকত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে ধৰি ভালেমান প্রতিনিধি উপস্থিত থাকে। আনহাতে মন্ত্ৰী হাজৰিকাই আজি দিছপুৰৰ জনতা ভৱনৰ সভাকক্ষত মটক স্বায়িত্বশাসিদ পৰিষদ আৰু মটক জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতেও একেধৰণৰ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। এই বৈঠকত মটক স্বায়িত্বশাসিদ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, সদৌ মটক ছাত্ৰ সন্থাকে ধৰি কেইবাটাও মটক দল-সংগঠনৰ প্রতিনিধি উপস্থিত থাকে। আজিৰ পৃথকৈ অনুষ্ঠিত দুয়োখন বৈঠকত সামাজিক ন্যায় বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিটাল আৰু অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালককে ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
Site Admin | July 10, 2024 6:46 PM | Pijush Meeting