অধ্যাপক মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে, বাংলাদেশ ম্যানমাৰ সীমান্তৰ ২৭১ কিলোমিটাৰ ভূমিৰ ওপৰত নিয়ন্ত্ৰণ দখল কৰা ম্যানমাৰ চৰকাৰ আৰু ম্যানমাৰৰ বিদ্ৰোহী আৰাকান সেনাবাহিনীৰ সৈতে বাংলাদেশ চৰকাৰ যোগাযোগত আছে। ম্যানমাৰৰ সীমান্তৱৰ্তী দক্ষিণ-পূব অঞ্চল টেকনাফ ভ্ৰমণৰ সময়ত বাংলাদেশৰ গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টা লেফটেনেণ্ট জেনেৰেল জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে দেশদুখনৰ ২৭১ কিলোমিটাৰ সীমান্ত এতিয়া আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে। তেওঁ লগতে কয় যে বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে সীমান্তত সতর্কতাৰে কৰ্তব্য পালন কৰি আছে আৰু এতিয়ালৈকে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। চৌধুৰীয়ে কয় যে, বাংলাদেশ সীমান্ত ক্ষী বাহিনী বিজিবিকে ধৰি সকলো নিৰাপত্তা বাহিনীয়ে অতি সাৱধানতাৰে নিজৰ কৰ্তব্য পালন কৰি আছে আৰু আইন-শৃংখলা যাতে সকলো সময়তে সুস্থিৰ হৈ থাকে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বাংলাদেশে সীমান্তত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছিল যদিও বিদ্রোহী সংগঠনটোৱে বাংলাদেশী সৈন্যক খেদি পঠিয়াই বুলি খবৰ বিয়পি পৰাৰ পাছতেই গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টাগৰাকীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
Site Admin | December 31, 2024 1:16 PM | Bngladesh
ম্যানমাৰৰ বিদ্ৰোহী আৰাকান সেনাবাহিনীৰ সৈতে বাংলাদেশ চৰকাৰ যোগাযোগত আছে বুলি মহম্মদ ইউনুছৰ প্ৰকাশ
