প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সকলো ধৰণৰ বতৰ আৰু জলবায়ুৰ বাবে সক্ৰিয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি মৌচম অভিযানৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অভিযান আৰম্ভ কৰা হয়। এই উপলক্ষে প্রধানমন্ত্রী মোদীয়ে কয়, যে মৌচম অভিযান এখন বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণ ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া যাত্ৰাৰ প্ৰশংসা কৰি তেওঁ ইয়াক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ গৌৰৱময় অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কোটি কোটি ভাৰতীয়লৈ সেৱা আগবঢ়োৱাই নহয় বৰং ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, যে সম্প্ৰতি আগলি বতৰা উদ্যমৰ জৰিয়তে দেশৰ ৯০ শতাংশৰো অধিক লোকক বতৰৰ আগতীয়া বতৰা দিয়া হয়। যিকোনো লোকে পৰৱৰ্তী ১০ দিনত বতৰৰ তথ্য যিকোনো সময়ত লাভ কৰিব পাৰে বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে বতৰৰ বাস্তৱিক সময় ভিত্তিক তথ্যই সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰিছে আৰু কৃষি তথা সামুদ্রিক অর্থব্যৱস্থাৰ লেখিয়া খণ্ডসমূহ সূদৃঢ় কৰি তুলিছে। প্রাকৃতিক বিপর্যয়ৰ ফলত হোৱা ক্ষয়-ক্ষতি হ্ৰাস কৰিবলৈ হ’লে বতৰ বিজ্ঞান বিভাগৰ দক্ষতা বৃদ্ধি কৰিবই লাগিব বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বতৰৰ ক্ষেত্ৰত দেশৰ অগ্ৰগতিয়ে ইয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সামর্থ বৃদ্ধি কৰিছে আৰু ইয়াৰ পৰা সমগ্ৰ বিশ্ব উপকৃত হৈছে। তেওঁ লগতে কয়, যে ভাৰতত আকস্মিক বান দিশ নিৰ্দেশনা প্ৰণালীৰ জৰিয়তে নেপাল, ভূটান, বাংলাদেশ, আৰু শ্ৰীলংকাৰ তথ্য যোগান ধৰি অহা হৈছে। ভাৰতে বিশ্ব বন্ধু হিচাপে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অন্য ৰাষ্ট্ৰক সহায়ৰ বাবে সদায় প্রথমে সহায়ৰ হাত আগবঢ়াই আহিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতে গোলকীয় সেৱা আৰু সুৰক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে।
অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয়, যে দেশৰ বতৰৰ আগলি বতৰা প্ৰদানৰ সামৰ্থ যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয়, যে যোৱা দশকত এনে আগলি বতৰাৰ প্ৰায় ৫০ শতাংশ নিখুত বুলি প্ৰমাণিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা স্মাৰক মুদ্রাও মুকলি কৰে। তেওঁ লগতে ভিজন ২০৪৭ শীৰ্ষক নথিও জাৰি কৰে । এই নথিত বতৰৰ আগলি বতৰা, জলবায়ু ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ দূৰ কৰাৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। মৌচম অভিযানৰ মূল উদ্দেশ্য হৈছে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু প্ৰণালী বিকশাই তোলা। এই উদ্যমৰ অধীনত বায়ু মণ্ডলৰ উচ্চ ৰিজলুশ্যনৰ নিৰীক্ষণ সম্ভৱ হৈ উঠিব। এই উদ্যমৰ ৰূপায়ণৰ বাবে ভৱিষ্যত প্ৰজন্ম ৰাডাৰ, কৃত্ৰিম উপগ্ৰহ তথা উচ্চ প্ৰদৰ্শনৰ কম্পিউটাৰৰ ব্যৱস্থা কৰা হ’ব।