কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ জিলাৰ মিৰ্জাত কৃষকসকলৰ মাজত মোৰ পলিচি মোৰ হাতত ব্যৱস্থাৰ অধীনত আনুষ্ঠানিকভাৱে কৃষকৰ মাজত পলিচি বিতৰণ কৰে। এই ব্যৱস্থাৰ জৰিয়তে কৃষকসকলে পলিচিখনত উল্লেখ থকা প্রিমিয়াম আদি বিভিন্ন তথ্য হাততে লাভ কৰিব। উল্লেখযোগ্য যে প্রাকৃতিক দুর্যোগত কৃষকসকলক সকাহ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষিমন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৩ চনৰ খাৰিফ বতৰৰ তুলনাত ২০২৪ চনৰ খাৰিফ বতৰত শস্যৰ বীমা কৰা কৃষকৰ সংখ্যা ৮৩ শতাংশ বৃদ্ধি পাইছে। ফচল বীমা যোজনাখন সফলভাৱে ৰূপায়ণ কৰিবলৈ তেওঁ অনুষ্ঠানত কৃষি বিভাগৰ বিষয়া তথা বীমা কোম্পানীৰ সংশ্লিষ্টসকলক যাৱতীয় কাৰ্য সম্পাদন কৰিবলৈ আহ্বান জনায়।
Site Admin | February 15, 2025 7:25 PM | Atul Bora
মোৰ পলিচি মোৰ হাতত ব্যৱস্থাৰ অধীনত কৃষকক পলিচি বিতৰণ মন্ত্ৰী অতুল বৰাৰ
