ডাউনলোড
মোবাইল এপ

android apple
signal

June 11, 2024 11:06 AM | New Minister

printer

মোদী মন্ত্ৰীসভাৰ সদস্যসকলক দপ্তৰসমূহ প্ৰদান

মোদী মন্ত্ৰীসভাৰ সদস্যসকলক তেওঁলোকৰ দপ্তৰসমূহ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক পুনৰবাৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব অর্পণ কৰাৰ লগতে অমিত শ্বাহক গৃহ আৰু সমবায় মন্ত্ৰী, নির্মলা সীতাৰমনক বিত্ত মন্ত্ৰী আৰু ড০ এছ জয়শংকৰক বিদেশ মন্ত্ৰী হিচাপে পুনৰ দায়িত্ব দিয়া হৈছে। নীতিন গাডকাৰীয়ে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি যাব। আনহাতে পীয়ুষ গোৱেলক বাণিজ্য আৰু উদ্যোগ তথা ধর্মেন্দ্র প্রধানক শিক্ষামন্ত্ৰী হিচাপে পুনৰ দায়িত্ব দিয়া হৈছে। বিজেপিৰ সভাপতি জে পি নাড্ডাই দেশৰ নতুন স্বাস্থ্য, ৰাসায়ন আৰু সাৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ইপিনে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান হ’ব দেশৰ নতুন কৃষি আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী। অশ্বিনী বৈষ্ণৱে তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ লগতে ৰে’ল মন্ত্ৰ্যালয়ৰ দায়িত্ব পালন কৰিব। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব লাভ কৰিছে কিৰেণ ৰিজিজুৱে। অন্নপূর্ণা দেৱীক মহিলা আৰু শিশু কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে। ৰাও ইন্দ্ৰজিত সিঙক পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণৰ দায়িত্ব দিয়াৰ লগতে পৰিকল্পনা মন্ত্ৰ্যালয়ৰ স্বতন্ত্র দায়িত্ব দিয়া হৈছে। ড০ জিতেন্দ্ৰ সিঙে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী তথা ভূ-বিজ্ঞানৰ স্বতন্ত্ৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে। যাদৱ প্ৰতাপ ৰাও গনপট ৰাওৱে আয়ুষ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী হিচাপে কাম কৰিব। আৰ এল ডিৰ জয়ন্ত চৌধাৰীক দক্ষতা বিকাশ মন্ত্ৰালয়ৰ স্বতন্ত্ৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। তেওঁ শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। ইপিনে জিতিন প্রসাদে উদ্যোগ, বাণিজ্য, ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে। পংকজ চৌধুৰী হ’ব বিত্ত বিভাগৰ ৰাজ্য মন্ত্রী। আনহাতে কৃতি বৰ্ধন সিঙে বিদেশ পৰিক্ৰমা বিভাগৰ, সঞ্জয় শেঠে প্ৰতিৰক্ষা, আৰ পি আইৰ নেতা ৰামদাস আঠাৱালে সামাজিক ন্যায় আৰু সৱলীকৰণ, অপনা দলৰ নেতা অনুপ্রিয়া পেটেলে স্বাস্থ্য, ৰয়াসন তথা সাৰ বিভাগৰ, অধ্যাপক এছ পি সিং ৱাঘেলে মীন, পশুপালনৰ লগতে পঞ্চায়তীৰাজ বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে। ৰৱনীত সিঙক ৰে’ল বিভাগৰ গুৰু দায়িত্ব প্ৰদান কৰা হৈছে। নিত্যানন্দ ৰায়ে গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে কাম কৰিব। আনহাতে ড০ এল মুৰুগানে সংসদীয় পৰিক্ৰমাৰ লগতে তথ্য প্ৰযুক্তিৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব ল’ব। ৱান্দি সঞ্জয় কুমাৰে গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে সুৰেশ গোপীয়ে পেট্রলিয়াম আৰু পৰ্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে কাম কৰিব।

অধিক পঢ়ক

সকলো চাওক