মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দেশক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্রধানমন্ত্রী শ্রী মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে দেশৰ জনতাক দৰিদ্ৰতাৰ বিৰুদ্ধে যুজত সক্রিয় অংশগ্ৰহণকাৰী হ’বলৈ শক্তিশালী কৰাত চৰকাৰে মনোনিৱেশ কৰিছে। তাৰ বাবে ১২ টা মূল সামাজিক খণ্ডৰ সূচকত ব্যাপক অগ্রগতি লাভ কৰিবলৈ ৫০০ টা অভিলাসী খণ্ড আৰু ১১২ খন অভিলাসী জিলাত সম্পূৰ্ণতা অভিযান আৰম্ভ হৈছে নিচামুক্ত ভাৰত গঢ়াৰ বাবে মানস হেল্পলাইন আৰম্ভ কৰা হৈছে। চৰকাৰে সামাজিক, আর্থিক আৰু ন্যায়িক সবলীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে ঔপনিৱেশিক আইনৰ ঠাইত ৩ খন নতুন আইন প্ৰৱৰ্তন কৰি দ্ৰুত বিচাৰ আৰু ন্যায় সুনিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ গ্রহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক