মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰণৰ সৈতে সংগতি ৰাখি মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কয় যে, আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লগে লগে দেশত নিয়োগৰ সুযোগ বৃদ্ধিৰ জৰিয়তে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণ বৃদ্ধি হোৱা দেখা গৈছে। মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বহিঃৰাষ্ট্ৰৰ প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৭৫ হাজাৰ নতুন চিকিৎসা বিজ্ঞানৰ আসন সংযোজন কৰিছে। আনহাতে প্রধানমন্ত্ৰী আৱাস যোজনা নগৰৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২.৩০ লাখ কোটি টকা ৰাজ সাহায্যৰে এক কোটি নগৰীয়া গৃহ নিৰ্মাণ কৰা হৈছে। একেদৰে পি এম সূৰ্য ঘৰ যোজনাৰ অধীনত ৩ লাখ ৫ হাজাৰ ঘৰত সৌৰ ব্যৱস্থা স্থাপন কৰাৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে।

মুদ্ৰা ঋণ ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰি ঔদ্যোগিকৰণৰ ক্ষেত্ৰতো উত্থান ঘটোৱা হৈছে। ইফালে ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক ৫০ শতাংশ পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰাৰ লগতে অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ নিশ্চিত কৰিবৰ বাবে এটা পদবী, এটা পেঞ্চন আঁচনিৰ সংশোধন কৰা হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত ৰাজহুৱা পৰীক্ষা আইন প্ৰৱৰ্তনকে ধৰি মেট্ৰ’ প্রকল্প, ইলেকট্রনিক বাছ আদি বিভিন্ন ব্যৱস্থাৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অধিক পঢ়ক

সকলো চাওক