মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱা উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু মহিলা নিৰ্ধাৰিত দক্ষতা কাৰ্যসূচীৰ জৰিয়তে মহিলাৰ কর্মশক্তিৰ অংশগ্ৰহণত উদগণি যোগোৱা হৈছে। পর্যটন খণ্ডত মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ পৰ্যটন দিদি আৰু পৰ্যটন মিত্ৰ আঁচনি লোৱা হৈছে। তদুপৰি গ্ৰাম্য জীৱিকাৰ সুবিধা বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় গ্রামীন জীৱিকা মিছনৰ অধীনত ৯০ লাখৰো অধিক আত্মসহায়ক গোটত ১০ কোটি মহিলাক সংগঠিত কৰা হৈছে। একেদৰে নাৰী শক্তিক উপকৃত কৰা আঁচনিৰ বাবে এই বছৰৰ বাজেটত ৩ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে। এতিয়ালৈকে ১১ লাখ নতুন লাখপতি দিদিয়ে প্রধানমন্ত্ৰীৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিছে। আনহাতে, ২ লাখ ৩৫ হাজাৰ আত্মসহায়ক গোটৰ ২৬ লাখ সদস্যাক সহায় কৰিবলৈ ৫ হাজাৰ কোটি টকা মূল্যৰ বেংকৰ ঋণ মুকলি কৰা হৈছে। মহিলা উদ্যোগী সৱলীকৰণৰ বাবে মুদ্ৰা ঋণৰ সীমা ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে মহিলাৰ বাবে গৃহৰ মালিকীস্বত্ত আৰু মৰ্যাদা নিশ্চিত কৰিবলৈ ৩ কোটি অতিৰিক্ত ঘৰ প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰি কয় যে, শিক্ষা, উদ্যমিতা, কৃষি প্রযুক্তি আৰু অন্য পদক্ষেপৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে দায়বদ্ধ । আকাশবাণী দৃষ্টিপাত অনুষ্ঠানত কালি মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন সম্পূর্ণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু সাংবাদিক সঞ্জীৱ কলিতাই কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এশটা দিনত দেশৰ পথ, পৰিবহন, কৃষক ৰাইজৰ উন্নয়ন, যুৱ প্ৰজন্ম, মহিলা, অনুসূচীত জাতি-জনজাতিৰ উন্নয়নৰ উপৰি ৩ খন নতুন ফৌজদাৰী আইন কাৰ্যকৰীকৰণৰ দ্বাৰা যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হৈছে। তদুপৰি অসমৰ জাগীৰোডত ছেমিকনডাক্টৰ প্ৰকল্পৰ দ্বাৰা ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলে অহা ১০ বছৰত উদ্যোগিক ক্ষেত্ৰত অভূতপূৰ্ব ৰূপান্তৰ প্ৰত্যক্ষ কৰিব বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক