ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 12:26 PM | Mann Ki Baat

printer

মেদবহুলতা সমস্যা ৰোধ কৰিবলৈ খাদ্যাভাসত পৰিৱৰ্তন আনিবলৈ জনসাধাৰণৰ প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে এক সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে। আজিৰ মন কী বাত অনুষ্ঠানত দেশবাসীক প্ৰশংসা কৰি কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি সদায় আগ্রহী। আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ৮ মাৰ্চ দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ দিন। ভাৰতীয় সংস্কৃতিত কন্যা সন্তানক সন্মান জনোৱাটো এক পৰম্পৰা বুলিও তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত শ্রীমোদীয়ে মেদবহুলতাৰ বিষয়ে উল্লেখ কৰি কয়, যে এটা সুস্থ আৰু স্বাস্থ্যৱান জাতি হ’বলৈ মেদবহুলতাৰ দৰে সমস্যাৰ সমাধান কৰিবই লাগিব। তেওঁ মেদবহুলতা সমস্যা ৰোধ কৰিবলৈ খাদ্যাভাসত পৰিৱৰ্তন আনিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ এয়া আছিল ১১৯ সংখ্যক খণ্ড।

অধিক পঢ়ক

সকলো চাওক