ডাউনলোড
মোবাইল এপ

android apple
signal

July 17, 2024 10:13 AM | PM Post

printer

মেক ইন ইণ্ডিয়া অভিযানে দেশৰ অৰ্থব্যৱস্থা গোলকীয় মঞ্চত আগুৱাই নিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে মেক ইন ইণ্ডিয়া অভিযানে কিদৰে দেশৰ অৰ্থব্যৱস্থা গোলকীয় মঞ্চত আগুৱাই লৈ গৈছে সেই কথা প্ৰকাশ কৰিছে। পোষ্টটোত মেক ইন ইণ্ডিয়া অভিযানৰ আভাস দি এইবুলি কোৱা হৈছে যে সমগ্ৰ বিশ্বত ভাৰতীয় বাইচাইকেলৰ চাহিদা বৃদ্ধি পাইছে। ব্ৰিটেইন, জার্মানী আৰু নেডাৰলেণ্ডছলৈ ৰপ্তানি বৃদ্ধি পাইছে। চাহিদা বৃদ্ধিৰ এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ বৰ্দ্ধিত প্ৰভাৱকেই প্রতিফলিত কৰিছে। পোষ্টটোত প্ৰকাশ কৰা মতে বিহাৰত প্ৰস্তুত কৰা জোটা ৰাছিয়াৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰিবলৈ লৈছে আৰু ইয়াৰ পৰা ভাৰতত নিৰ্মাণ কৰা সামগ্ৰীসমূহে অপ্রত্যাশিতভাৱে বিশ্ব বজাৰ দখল কৰাটো স্পষ্ট হৈ পৰিছে। এই সাফল্যই আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বজাৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱ আৰু দেশৰ নিৰ্মাণ সামৰ্থ্যৰ উচ্চ মান প্ৰতিফলিত হৈছে বুলিও পোষ্টটোত উল্লেখ কৰা হৈছে। অকল এয়াই নহয়, বিশ্বকাপ ক্রিকেট প্রতিযোগিতা চমু চাপি অহাৰ লগে লগে কাশ্মীৰত নিৰ্মাণ কৰা ক্ৰিকেট বেটৰ চাহিদাও বৃদ্ধি পাইছে। এই বেটসমূহ ভাৰতত উৎকৃষ্ট শিল্প নৈপুণ্য আৰু আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ প্ৰভাৱৰ উদাহৰণ। আমূলে আমেৰিকা যুক্তৰাষ্ট্ৰত নিজৰ সামগ্ৰী উপলব্ধ কৰি ভাৰতৰ অনন্য সোৱাদ বিশ্বলৈ লৈ গৈছে বুলি পোষ্টটোত উল্লেখ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আমূলৰ সম্প্ৰসাৰণে ভাৰতীয় দুগ্ধ সামগ্ৰীসমূহৰ গোলকীয় সম্ভাৱনা আৰু দেশৰ সোৱাদ বিশ্বলৈ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত আমূলৰ প্ৰতিশ্ৰুতিবদ্ধতা প্রতিফলিত কৰিছে। একেদৰে ভাৰতৰ ইউ পি আই ব্যৱস্থা এতিয়া গোলকীয় ব্যৱস্থাৰূপে পৰিগণিত হৈছে। এই ব্যৱস্থাই কেইবাখনো দেশত ডিজিটীয় ধনাদায় সহজ কৰি তুলিছে। এই প্রযুক্তিগত প্রগতিয়ে বিত্ত প্রযুক্তি উদ্ভাৱনৰ ক্ষেত্ৰত দেশৰ অগ্ৰণী ভূমিকা আৰু সমগ্ৰ বিশ্বত ডিজিটীয় লেনদেনত বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে বিকশাই তোলা ব্রাহ্মোজ ক্ষেপনাস্ত্র এতিয়া দক্ষিণ চীন সাগৰত নিয়োজিত কৰা হৈছে। এই পৰিঘটনাই ভাৰতৰ কৌশলগত প্ৰতিৰক্ষা সামৰ্থ্য আৰু গোলকীয় সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰমাণিত কৰিছে বুলি সামাজিক মাধ্যমৰ পোষ্টটোত কোৱা হৈছে। ইয়াৰ উপৰি এমাজনৰ ব্লেক ফ্রাইডে আৰু চাইবাৰ মানডে বিক্রীত ভাৰতীয় সামগ্ৰীসমূহে আধিপত্য বিস্তাৰ কৰি আহিছে। এই সাফল্যগাঁথাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতত নির্মিত সামগ্ৰীসমূহৰ চাহিদা আৰু গোলকীয় ই-কমার্চ বজাৰত ভাৰতৰ বৰ্ধিত উপলভ্যতাক প্রতিফলিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক