মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণখণ্ডৰ শক্তিকেন্দ্ৰত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণখণ্ডৰ শক্তিকেন্দ্ৰত পৰিণত হৈছে। তেওঁ কয় যে, দৰিদ্ৰ শ্ৰেণী, মধ্যবিত্ত আৰু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ মেক ইন ইণ্ডিয়াৰ জৰিয়তে বহু লাভান্বিত হৈছে আৰু ইয়াৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ লোকে নিজৰ নিজৰ প্ৰতিভা বিকশিত কৰাৰ বাবে সুযোগ লাভ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া অনুষ্ঠান মন কী বাতৰ ১১৪ সংখ্যক খণ্ডৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। নিজৰ বক্তব্যত তেওঁ মেক ইন ইণ্ডিয়াৰ সাফল্যত আলোকপাত কৰি কয় যে, এই অভিযানৰ সাফল্যই দেশৰ ডাঙৰ ডাঙৰ উদ্যোগসমূহৰ লগতে প্ৰতিটো খণ্ডৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলকো সামৰি লৈছে। শ্রীমোদীয়ে কয় যে, এই অভিযানে দেশৰ ৰপ্তানি বাণিজ্য বৃদ্ধি কৰাৰ লগতে প্রত্যক্ষ বিদেশী বিনিয়োগক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰে উৎপাদনৰ গুণগত মানত গুৰুত্ব দিয়াৰ লগতে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰ অধিক কৰাৰ লক্ষ্যৰে ভোকেল ফৰ লোকেল নীতিতো গুৰুত্ব দিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁ মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ এটা উদাহৰণ দি কয় যে মেক ইন ইণ্ডিয়া উদ্যমক প্রতিফলিত কৰি ভাণ্ডাৰাৰ ৫০ টাৰো অধিক আত্মসহায়ক গোটে তুষাৰ ছিল্কৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আছে। প্রধানমন্ত্রীয়ে অনাগত উৎসৱৰ বতৰত দেশত তৈয়াৰী সামগ্ৰী ক্ৰয় কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক