মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন আজি মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাওনা হ’ব। প্রথম পর্যায়ত শ্রীমতী সীতাৰমনে কাইলৈৰ পৰা ২০ অক্টোবৰলৈ মেক্সিকো ভ্ৰমণ কৰিব। তাত তেওঁ গ্ৰাডলজাৰাত হ’বলগীয়া প্ৰযুক্তি বিশেষজ্ঞসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰিব। তেওঁ লগতে মেক্সিকোৰ বিত্ত আৰু ৰাজহুৱা ঋণ দপ্তৰৰ মন্ত্ৰী ৰোজেৰিঅ’ ৰামীৰেজ ডেলাওৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ উপৰি শ্ৰীমতী সীতাৰমন সংসদীয় সহযোগিতা আৰু অৰ্থনৈতিক বিকাশ সুদৃঢ় কৰাৰ উদ্দেশ্যে মেক্সিকোৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হ’ব। মেক্সিকো চহৰত শ্ৰীমতী সীতাৰমনে ভাৰত-মেক্সিকো বাণিজ্য আৰু বিনিয়োগ সন্মিলনত মূল ভাষণ প্ৰদান কৰিব। দুয়োখন দেশৰ উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত ভাগ ল’ব। বিত্তমন্ত্ৰীগৰাকীয়ে প্রবাসী ভাৰতীয়সকলে আয়োজন কৰা এটা সমূহীয়া অনুষ্ঠানতো অংশ ল’ব। জি-২০ যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমতী সীতাৰমন ২০ৰ পৰা ২৬ অক্টোবৰলৈ আমেৰিকা ভ্ৰমণ কৰিব। ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু বিশ্ব বেংকৰ বাৰ্ষিক বৈঠকৰ লগতে ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ লগতে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিবেশ মন্ত্ৰী আৰু বিদেশ মন্ত্ৰী আৰু জি-চেভেন-আফ্ৰিকা মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক