August 10, 2024 7:06 PM | Finance Minister

printer

মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিয়া হৈছে : বিত্তমন্ত্রী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিছে। নতুন দিল্লীত আজি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ সঞ্চালক মণ্ডলীৰ সৈতে অনুষ্ঠিত বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী সীতাৰমনে এই কথা প্ৰকাশ কৰে। তেওঁ বেংকসমূহক জমা আৰু ঋণ ৰাশিৰ সৈতে জড়িত মূল কাম-কাজসমূহত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনায়। বৈঠকত অংশগ্ৰহণ কৰি আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে, বেংকসমূহ সুদৰ হাৰ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে স্বাধীন। জমা ধন আৰু ঋণৰ সুদৰ হাৰ সময়ে সময়ে বিনিয়ন্ত্ৰণ কৰা হয় বুলি আৰ বি আইৰ গৱৰ্ৰণগৰাকীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে চৰকাৰে বহু প্রতিক্ষিত বেংকিং নিয়ম সংশোধন অনাৰ হকে কাম কৰি আছে। ইয়াৰে ভিতৰত সমবায় বেংকিং খণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পুনৰ গঠন সংশোধন অন্যতম বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। নাম মনোনয়নৰ ব্যৱস্থা উপভোক্ত অনুকূল পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমনে কয় যে, এই পদক্ষেপৰ জৰিয়তে উপভোক্তাসকলে মনোনয়নৰ বিকল্প লাভ কৰাটো সুনিশ্চিত কৰা হ’ব আৰু মনোনীত ব্যক্তিয়ে সহজে যথোচিত অধিকাৰৰ দাবী সাবস্ত্য কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, এই আইনখনত নিয়ম মানি চলা সন্দৰ্ভত অৱগত কৰোৱাৰ দিন প্রতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শুকুৰবাৰৰ পৰিৱৰ্তে প্ৰতিমাহৰ ১৫ তাৰিখ আৰু অন্তিমটো দিন ধাৰ্য্য কাৰ ব্যৱস্থা কৰা হৈছে। লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু সংশোধনসহ বিত্ত বিধায়ক গৃহীত হোৱাৰ পাছতে অনুষ্ঠিত এই বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়েও বৈঠকত উপস্থিত থাকে। বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কালি লোকসভাত বেংকিং আইন সংশোধনী বিধেয়ক ২০২৪ উত্থাপন কৰে। এই বিধায়কখনৰ জৰিয়তে ১৯৩৪ চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৪৯ চনৰ বেংকি নিয়ন্ত্রণ আইন, ১৯৫৫ চনৰ ভাৰতীয় ষ্টেট বেংক আইন, ১৯৭০ চনত বেংকিং কোম্পানী উপক্রম অধিগ্রহণ আৰু হস্তান্তৰ আইন আৰু ১৯৮০ চনৰ বেংকিং কোম্পানী উপক্রম অধিগ্ৰহণ আৰু হস্তান্তৰ আইনত সংশোধনৰ প্ৰস্তাব দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক