ডাউনলোড
মোবাইল এপ

android apple
signal

April 20, 2025 10:50 AM | Wes Bengal Governor

printer

মুৰ্ছিদাবাদৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰা হব বুলি ৰাজ্যপাল চি ভি বসুৰ প্ৰকাশ

মুৰ্ছিদাবাদৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰা হ’ব আৰু বাস্তৱিক পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ’ব বুলি পশ্চিমবংগৰ ৰাজ্যপাল চি ভি বসুৱে প্ৰকাশ কৰিছে। কালি মুৰ্ছিদাবাদ জিলাৰ অশান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কলকাতালৈ ওভতাৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যপালগৰাকীয়ে এইদৰে মন্তব্য কৰে। ৰাজ্যপাল বসুৱে কয়, যে প্রভাৱিত লোকসকলৰ ওপৰত বৰ্বৰ আক্ৰমণ হোৱাৰ বাতৰি পোৱা গৈছে। তেওঁ কয়, যে সভ্য সমাজৰ বাবে এনে ধৰণৰ আক্রমণ মুঠেও গ্রহণযোগ্য নহয়। ৰাজ্যপালগৰাকীয়ে কয়, যে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে তেওঁ বিষয়টো লৈ আলোচনা কৰিব। শ্রী বসুৱে কয়, যে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়েৰ দায়িত্ব তেওঁ লগতে কয়, যে অশান্ত অঞ্চলসমূহত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োজিত কৰাৰ পাছৰে পৰা পৰিস্থিতি উন্নত হৈছে।

অধিক পঢ়ক

সকলো চাওক