উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, দেশত ইতিবাচক শাসনৰ বাবেই বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে বৃহৎ পৰিৱৰ্তনৰ সূচনা হৈছে। মুম্বাইৰ নৰ্চি মোঞ্জি ব্যৱস্থাপনা অধ্যয়ন প্রতিষ্ঠানত আয়োজিত এটা অনুষ্ঠানত সৱল ভাৰতঃ ২০৪৭ চনলৈকে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা সন্দৰ্ভত মুখ্য ভাষণ প্ৰদান কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। শ্রীধনখড়ে কয় যে, সম্প্ৰতি দেশত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু জৱাবদিহি হৈ উঠিছে। তেওঁ কয় যে, এনে সিদ্ধান্তৰ বাবেই দেশৰ অর্থ ব্যৱস্থাত চকুত লগা ধৰণৰ বিকাশ পৰিলক্ষিত হৈছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৯০ চনত দেশৰ অর্থ ব্যৱস্থাৰ পৰিধি লণ্ডন আৰু পেৰিছৰ দৰে চহৰতকৈও সৰু আছিল আৰু সম্প্ৰতি ভাৰতৰ অৰ্থ-ব্যৱস্থাই ব্ৰিটেইন আৰু ফ্ৰান্সকো চেৰ পেলাবলৈ সমৰ্থ হৈছে। বিশ্ব বেংকে ভাৰতবৰ্ষক বিনিয়োগ আৰু সুযোগৰ আকর্ষণীয় গোলকীয় কেন্দ্র হিচাপে অভিহিত কৰা বুলি শ্রীধনখড়ে উল্লেখ কৰে। তেওঁ কয় যে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আই এম এফে অন্য ৰাষ্ট্ৰৰ আৰ্হি হিচাপে দেশৰ ডিজিটীয় প্ৰক্ৰিয়াৰ প্ৰশংসা কৰিছে।
Site Admin | July 12, 2024 8:24 PM