ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 6:22 PM | PM Modi Inaguarate

printer

মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ দেশৰ প্ৰতিৰক্ষা বাহিনীত অন্তর্ভুক্ত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ ক্রমে আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশিৰক নৌসেনা বাহিনীত অন্তর্ভুক্ত কৰে। এই জাহাজকেইখনৰ অন্তর্ভুক্তিয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যমক গতি প্রদান কৰিব। যুদ্ধ জাহাজ তিনিখন প্রতিৰক্ষা নিৰ্মাণ আৰু সামুদ্রিক সুৰক্ষাৰ ক্ষেত্ৰত বিশ্ব নেতৃত্বৰূপে পৰিগণিত হোৱাৰ দেশৰ সপোন বাস্তবায়িত কৰাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে বিবেচিত হৈছে।

নীলগিৰি নামৰ জাহাজখন সহজে ৰাডাৰৰ নিৰীক্ষণৰ আওতালৈ নাহে। একেদৰে অত্যাধুনিক সা-সুবিধাৰে সুসজ্জিত চুৰাট নামৰ যুদ্ধ জাহাজখন আৰ্হি আৰু সামৰ্থৰ দিশৰ পৰা চকুত লগা ধৰণে উন্নত। অত্যাধুনিক বিমান পৰিবহন সুবিধাৰে সুসজ্জিত নীলগিৰি আৰু চুৰাট জাহাজ দুখনৰ দিন আৰু নিশাৰ ভাগত অভিযান চলাবৰ বাবে বিভিন্ন ধৰণৰ হেলিকপ্তাৰ সঞ্চালনৰ সুবিধা আছে। বাঘছি জাহাজখন বিশ্বৰ বহুমুখী ডিজেল-বিদ্যুৎ চাবমেৰিণসমূহৰ ভিতৰত অন্যতম।

অধিক পঢ়ক

সকলো চাওক